The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
Java® is a registered trademark of Oracle and/or its affiliates.
XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.
All other trademarks are the property of their respective owners.
উন্মোচন টোকাসমূহে Red Hat Enterprise Linux 6.5 ত প্ৰণয়ন হোৱা উন্নয়ন আৰু যোগসমূহৰ উচ্চ স্তৰৰ সামৰনী প্ৰদান কৰে। Red Hat Enterprise Linux লৈ, 6.5 আপডেইটৰ বাবে হোৱা সকলো পৰিবৰ্তনৰ বিৱৰিত তথ্যচিত্ৰৰ বাবে, কাৰিকৰী টোকাসমূহ চাওক।
Red Hat Enterprise Linux 6.5 ৰ কাৰনেলে Linux কাৰনেলৰ বাবে বহু বাগ সমাধান আৰু Linux কাৰনেললৈ সম্প্ৰসাৰন অন্তৰ্ভুক্ত কৰে। এই উন্মোচনৰ বাবে ঠিক কৰা গুৰুত্বপূৰ্ণ বাগ আৰু কাৰনেললৈ যোগ কৰা সম্প্ৰসাৰনৰ বিৱৰণৰ বাবে, Red Hat Enterprise Linux 6.5 কাৰিকৰী টোকাসমূহ ৰ কাৰনেল অংশ চাওক।
নেটৱাৰ্ক নেইমস্পেইচ (netns) এটা লঘু বৈয়াম-ভিত্তিয় ভাৰছুৱেলাইজেষণ প্ৰযুক্তি। এটা ভাৰছুৱেল নেটৱাৰ্ক স্টেকক এটা প্ৰক্ৰিয়া দলৰ সৈতে সংযুক্ত কৰিব পাৰি। প্ৰতিটো নেইমস্পেইচৰ তাৰ নিজস্ব লুপবেক ডিভাইচ আৰু প্ৰক্ৰিয়া স্থান আছে। ভাৰছুৱেল অথবা প্ৰকৃত ডিভাইচসমূহক প্ৰতিটো নেটৱাৰ্ক নেইমস্পেইচত যোগ কৰিব পাৰি, আৰু ব্যৱহাৰকাৰীয়ে এই ডিভাইচসমূহলৈ IP ঠিকনাসমূহ ধাৰ্য্য কৰিব পাৰিব আৰু সিহতক এটা নেটৱাৰ্ক ন'ড হিচাপে ব্যৱহাৰ কৰিব পাৰিব।
ক্ৰিপ্টগ্ৰাফি হেশ ফলন পৰিবৰ্তন কৰিবলৈ SCTP সমৰ্থন
Red Hat Enterprise Linux 6.5 ত ব্যৱহাৰকাৰীসকলে ক্ৰিপ্টগ্ৰাফি হেশ ফলনক স্ট্ৰিম নিয়ন্ত্ৰণ পৰিবহন প্ৰটোকল (SCTP) সংযোগসমূহৰ বাবে MD5 ৰ পৰা SHA1 লৈ পৰিবৰ্তন কৰিব পাৰে।
SCTP ৰ বাবে M3UA মাপ গণকসমূহ
বাৰ্তা স্থানান্তৰ অংশ স্তৰ ৩ ব্যৱহাৰকাৰী অনুকূলন স্তৰ (M3UA) হল IETF প্ৰামাণিক দ্বাৰা বিৱৰিত এটা প্ৰটোকল যাৰ সহায়ত পাৰম্পৰিক টেলিসংযোগ নেটৱাৰ্কসমূহ (ISDN আৰু PSTN) ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে স্ট্ৰিম নিয়ন্ত্ৰণ পৰিবহন প্ৰটোকল (SCTP) ব্যৱহাৰ কৰি IP ৰে MTP স্তৰ ৩ ব্যৱহাৰকাৰী অংশ সংকেত বাৰ্তাসমূহ পৰিবহন কৰা হয়।
iproute ব্যৱহাৰ কৰি DOVE টানেলসমূহ ব্যৱস্থাপনা কৰা
বিতৰিত অভাৰলে ভাৰছুৱেল ইথাৰনেট (DOVE) টানেলসমূহে ভাৰছুৱেল প্ৰসাৰনযোগ্য স্থান নেটৱাৰ্ক (VXLAN) নিৰ্মাণৰ অনুমতি দিয়ে, যি ক্লাউড কেন্দ্ৰসমূহত ব্যৱহৃত ISO OSI স্তৰ ২ নেটৱাৰ্কসমূহৰ বাবে এটা অতিক্ৰমনীয় সমাধান দিয়ে। bridge সঁজুলি iproute পেকেইজৰ এটা অংশ আৰু ব্যৱহাৰ কৰিব পাৰি, উদাহৰণস্বৰূপ, Linux প্লেটফৰ্মত VXLAN ডিভাইচসমূহত এটা ফৰৱাৰ্ডিং ডাটাবেইচ ব্যৱস্থাপনা কৰিবলৈ।
Chapter 3. সুৰক্ষা
FIPS 140-2 প্ৰমাণীকৰণৰ সৈতে প্ৰাসংগিক পৰিবৰ্তনসমূহ
Red Hat Enterprise Linux 6.5 ত, সত্যতাৰ বৈধতা কৰা হয় যেতিয়া dracut-fips পেকেইজ উপস্থিত থাকে, কাৰনেল FIPS অৱস্থাত কাৰ্য্য কৰক বা নকৰক। Red Hat Enterprise Linux 6.5 ক কিধৰণে FIPS 140-2 সংগত কৰা হব তাৰ বিষয়ে বিৱৰিত তথ্যৰ বাবে, নিম্নলিখিত জ্ঞান ভিত্তি সমাধান পঢ়ক:
চুইট B হল ক্ৰিপ্টগ্ৰাফিক মডাৰনাইজেষণ প্ৰগ্ৰামৰ অংশ হিচাপে NSA দ্বাৰা ধাৰ্য্য কৰা ক্ৰিপ্টগ্ৰাফিক এলগৰিথমসমূহৰ এটা সংহতি। ই দুয়ো মুক্ত আৰু গুপ্ত তথ্যৰ বাবে এটা আন্তঃকাৰ্য্যকৰী ক্ৰিপ্টগ্ৰাফিক ভিত্তি হিচাপে কাৰ্য্য কৰে। ই অন্তৰ্ভুক্ত কৰে:
Red Hat Enterprise Linux 6.5 ত পৰিচয় ব্যৱস্থাপনাত কেন্দ্ৰীয়ভাৱে স্থানীয় ব্যৱহাৰকাৰীসকলৰ স্বচালিত সংমিহলি স্থানীয় ব্যৱহাৰকাৰীসকলক কেন্দ্ৰীয়ভাৱে ব্যৱস্থাপনা কৰাটো সহজ কৰে।
NSS ত ECC সমৰ্থন
Red Hat Enterprise Linux 6.5 ত নেটৱাৰ্ক সুৰক্ষা সেৱাসমূহ (NSS) এ এতিয়া উপবৃত্তীয় বক্ৰ ক্ৰিপ্টগ্ৰাফি (ECC) সমৰ্থন কৰে।
Chapter 4. স্বাক্ষৰণ ব্যৱস্থাপনা
Red Hat সমৰ্থন সঁজুলি
Red Hat Enterprise Linux 6.5 এ এটা নতুন পেকেইজ অন্তৰ্ভুক্ত কৰে, redhat-support-tool, যি Red Hat সমৰ্থন সঁজুলি প্ৰদান কৰে। এই সঁজুলিয়ে Red Hat ৰ স্বাক্ষৰণ সেৱাসমূহলৈ কনচৌল-ভিত্তিয় অভিগমৰ সুবিধা প্ৰদান কৰে আৰু Red Hat স্বাক্ষৰকসকলক Red Hat গ্ৰাহক হিচাপে উপলব্ধ দুয়ো সমল আৰু সেৱাসমূহ অভিগম কৰিবলৈ অধিক স্থান প্ৰদান কৰে। ততোধিকভাৱে, ই আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ হেল্পডেস্ক সেৱাসমূহ আমাৰ স্বাক্ষৰণ সেৱাসমূহৰ সৈতে অনুকলন আৰু স্বচালন কৰিবলে সামৰ্থবান কৰে। এই পেকেইজৰ ক্ষমতাসমূহে অন্তৰ্ভুক্ত কৰে:
কনচৌলৰ পৰা জ্ঞান ভিত্তি আৰু সমাধান দৰ্শন (man পৃষ্ঠা হিচাপে ফৰমেটেড)।
প্ৰশ্ন কৰা বস্তুবোৰত জ্ঞান ভিত্তি সন্ধান, লগ বাৰ্তাসমূহ, আৰু অন্য প্ৰাচলসমূহ, এটা নিৰ্বাচন কৰিব পৰা তালিকাত সন্ধান ফলাফলসমূহ দৰ্শন কৰা।
বিশ্লেষণৰ বাবে Shadowman স্বচালিত সমস্যা নিৰ্ধাৰণ অংশলৈ লগ ফাইলসমূহ, লিখনী ফাইলসমূহ, আৰু অন্য উৎসসমূহৰ সহজ আপল'ডিং।
অন্য বিভিন্ন সমৰ্থন-সম্বন্ধীয় কমান্ডসমূহ।
Red Hat সমৰ্থন সঁজুলিৰ বিষয়ে অধিক তথ্যৰ বাবে, /usr/share/doc/redhat-support-tool-version/ ডাইৰেকটৰিত ইনস্টল্ড তথ্যচিত্ৰ অথবা নিম্নলিখিত জ্ঞান ভিত্তিয় অধ্যয়: https://access.redhat.com/site/articles/445443 চাওক।
subscription-manager list ৰ আপডেইটসমূহ
উপলব্ধ স্বাক্ষৰণসমূহৰ তালিকাৰ পৰা, subscription-manager list --available কমান্ডৰ আউটপুটে এতিয়া এটা নতুন ফিল্ড, Provides অন্তৰ্ভুক্ত কৰে। এই ফিল্ডে চিস্টেমৰ অৰ্হতা থকা উৎপাদনসমূহৰ নাম দেখুৱায়। অতিৰিক্তভাৱে, Suggested, সংগতিৰ সুবিধা দিবলৈ আৰু গ্ৰাফিকেল ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ (GUI) ৰ সৈতে সমতা প্ৰদান কৰিবলৈ যোগ কৰা হৈছে।
Red Hat Enterprise Linux 6.5 ত ভাৰছুৱেলাইজেষণ আপডেইটসমূহে জীৱন্ত প্ৰব্ৰজন, ত্ৰুটি সংবাদন, হাৰ্ডৱেৰ আৰু চফ্টৱেৰ সংগতিত কেইবাটাও বাগ সমাধান অন্তৰ্ভুক্ত কৰে। অতিৰিক্তভাৱে, পৰিৱেশন আৰু সাধাৰণ স্থিৰতা উন্নয়নসমূহ প্ৰণয়ন কৰা হৈছে। এই পৰিবৰ্তনসমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ বাবে, তলৰ অংশবোৰ চাওক।
5.1. KVM
VMDK ছবি ফাইল বিন্যাসৰ বাবে উন্নত সমৰ্থন
Red Hat Enterprise Linux 6.5 এ বহু VMware উৎপাদন দ্বাৰা সৃষ্টি কৰা, ভাৰছুৱেল মেচিন ডিস্ক, অথবা VMDK, ছবি ফাইল বিন্যাসসমূহ, ইয়াৰ উপবিন্যাসসমূহৰ বাবে কেৱল-পঢ়া সমৰ্থন প্ৰদান কৰিবলৈ কেইবাটাও উন্নয়ন অন্তৰ্ভুক্ত কৰে।
Windows অতিথি সহায়ক সম্পূৰ্ণভাৱে সমৰ্থিত
Windows অতিথি সহায়ক এতিয়া সমপূৰ্ণভাৱে সমৰ্থিত আৰু virtio-win ড্ৰাইভাৰসমূহৰ সৈতে পৰিপূৰক চেনেলত ইয়াৰ নিজস্ব ইনস্টলাৰৰ সৈতে প্ৰেৰণ কৰা হয়।
VHDX ছবি ফাইল বিন্যাসৰ বাবে সমৰ্থন
Red Hat Enterprise Linux 6.5 এ Microsoft Hyper-V দ্বাৰা সৃষ্টি কৰা, Hyper-V ভাৰছুৱেল হাৰ্ড ডিস্ক, অথবা VHDX, ছবি বিন্যাসসমূহৰ বাবে কেৱল-পঢ়িব পৰা সমৰ্থন অন্তৰ্ভুক্ত কৰে।
এটা অতিথিত KVM ভাৰছুৱেল মেমৰি অতিক্ৰমনীয়তাক 4TB লৈ বৃদ্ধি কৰা হৈছে।
Microsoft Windows অতিথিসমূহৰ পৰা ভলিউম নিয়ন্ত্ৰণৰ সমৰ্থন
ব্যৱহাৰকাৰীসকলে এতিয়া AC'97 কডেক ব্যৱহাৰ কৰি Microsoft Windows XP অতিথিসমূহত ভলিউম স্তৰ সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব পাৰিব।
5.2. Microsoft Hyper-V
Microsoft Hyper-V Para-Virtualized ড্ৰাইভাৰসমূহ
Microsoft Hyper-V ত Red Hat Enterprise Linux সমৰ্থন উন্নত কৰিবলৈ, চিন্থেটিক ভিডিঅ' ফ্ৰেইম বাফাৰ ড্ৰাইভাৰক Red Hat Enterprise Linux 6.5 লৈ যোগ কৰা হৈছে। অতিৰিক্তভাৱে, হস্ট আৰু অতিথিৰ মাজৰ সংকেত প্ৰটোকল আপডেইট কৰা হৈছে। অধিক তথ্যৰ বাবে, ভাৰছুৱেলাইজেষণ প্ৰশাসন সহায়ক চাওক
Red Hat Enterprise Linux 6.5 এ Orlov block আবন্টক উন্মোচন কৰিছে যি পৰস্পৰ প্ৰাসংগিক আৰু খুব সম্ভব একেলগে অভিগম কৰিব লগিয়া ফাইলসমূহৰ বাবে ভাল অৱস্থান প্ৰদান কৰে। অতিৰিক্তভাৱে, যেতিয়া সম্পদ দলসমূহ উচ্চভাৱে ঘনীকৃত, পৰিৱেশন উন্নত কৰিবলৈ এটা ভিন্ন দল ব্যৱহাৰ কৰা হয়।
কেন্দ্ৰীয় তথ্য প্ৰক্ৰিয়াকৰণ প্ৰামাণিক (FIPS) প্ৰকাশন 140 এটা মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ সুৰক্ষা প্ৰামাণিক যি সুৰক্ষা প্ৰয়োজনীয়তাসমূহ ধাৰ্য্য কৰে যাক সংবেদ্য, কিন্তু গুপ্ত তথ্য সুৰক্ষা প্ৰদান কৰা এটা সুৰক্ষা চিস্টেমৰ অন্তৰ্গত ব্যৱহৃত এটা ক্ৰিপ্টগ্ৰাফিক মডিউল দ্বাৰা সন্তুষ্ট কৰিব লাগিব। এই প্ৰামাণিকে চাৰিটা বৃদ্ধি হোৱা, গুনাত্মক স্তৰ: স্তৰ ১, স্তৰ ২, স্তৰ ৩, আৰু স্তৰ ৪ প্ৰদান কৰে। এই স্তৰসমূহে ক্ৰিপ্টগ্ৰাফিক মডিউলসমূহ প্ৰণয়ন হব পৰা বিভৱীয় এপ্লিকেচনসমূহ আৰু পৰিৱেশসমূহৰ এটা বৃহত বিস্তাৰ অন্তৰ্ভুক্ত কৰে। সুৰক্ষা প্ৰয়োজনীয়তাসমূহে এটা ক্ৰিপ্টগ্ৰাফিক মডিউলৰ সুৰক্ষিত ৰূপাঙ্কণ আৰু প্ৰণয়নৰ সৈতে জড়ীত স্থানসমূহ অন্তৰ্ভুক্ত কৰে। এই স্থানসমূহে ক্ৰিপ্টগ্ৰাফিক মডিউল ধাৰ্য্যকৰণ, ক্ৰিপ্টগ্ৰাফিক মডিউল পৰ্টসমূহ আৰু আন্তঃপৃষ্ঠসমূহ; ভূমিকা, সেৱাসমূহ, আৰু প্ৰমাণীকৰণ; সীমিত অৱস্থা আৰ্হি; ভৌতিক সুৰক্ষা; কাৰ্যকৰীতা পৰিৱেশ; ক্ৰিপ্টগ্ৰাফিক কি ব্যৱস্থাপনা; বিদ্যুৎচুম্বকীয় ব্যাঘাত/বিদ্যুৎচুম্বকীয় সংগতা (EMI/EMC); স্ব-পৰিক্ষণসমূহ; ৰূপাঙ্কণ পূষ্টিকৰণ; আৰু অন্য আক্ৰমণৰ উপশম অন্তৰ্ভুক্ত কৰে।
Red Hat Enterprise Linux 6.5 এ NSA চুইট B ক্ৰিপ্টগ্ৰাফি সম্প্ৰসাৰন আৰু প্ৰমাণীকৰণ সমৰ্থন কৰে। এই ক্ৰিপ্টগ্ৰাফিক এলগৰিথমসমূহে উচ্চ সুৰক্ষা নেটৱাৰ্কিং সংযোগ প্ৰদান কৰে। NSA SUITE B ক NIST 800 - 131 ৰ অন্তৰ্গত চৰকাৰী বিভাগসমূহৰ বাবে প্ৰয়োজন হয়। NSA চুইট B ক্ৰিপ্টগ্ৰাফিৰ উপাদানসমূহে নিম্নলিখিত অন্তৰ্ভুক্ত কৰে:
বিদেশী বিক্ৰেতাসকলৰ বাবে FSTEK প্ৰমাণীকৰণৰ এটা ন্যায়পালিকা প্ৰয়োজনীয় যদি উৎপাদনে ব্যক্তিগত তথ্য ব্যৱহাৰ, সংৰক্ষণ অথবা প্ৰক্ৰিয়া কৰে আৰু ই ৰাছিয়ান কেন্দ্ৰত Red Hat ব্ৰেণ্ডৰ অন্তৰ্গত কেন্দ্ৰীয় আৰু ব্যৱসায়িক বিক্ৰি আইনসন্মত কৰিব।
FSTEK প্ৰমাণীকৰণ এটা নিৰ্দিষ্ট Red Hat Enterprise Linux 6 গৌণ উন্মোচনৰ ওপৰত ভিত্তিয় নহব আৰু সেয়েহে ই প্ৰমাণীকৰণ জীবনচক্ৰৰ সময়ত সম্পূৰ্ণ Red Hat Enterprise Linux 6 উন্মোচনক বৈধ কৰিব।
Chapter 10. ডেস্কটপ আৰু গ্ৰাফিক্স
গ্ৰাফিক্স আপডেইট আৰু নতুন হাৰ্ডৱেৰ সমৰ্থন
Red Hat Enterprise Linux 6.5 ত গ্ৰাফিক্স আপডেইটে নিম্নলিখিত অন্তৰ্ভুক্ত কৰে: